শ্ৰমজীৱী মানুহৰ মাজত নৈ সত্ৰ, এটা শক্তিৰ দুপৰীয়াৰ আহাৰ বিতৰণ

0
75

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৭ আগষ্টঃ লকডাউনৰ সময়চোৱাত এচাম শ্ৰমজীৱী মানুহৰ লগতে পদপথত বসবাস কৰা পৰিয়ালৰ মাজত খদ্যসামগ্ৰীৰ যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷

এইক্ষেত্ৰত সামন্য সহায়ৰ বাবেই নৈ সত্ৰ এটা শক্তি নামৰ বেচৰকাৰী সংস্হাটোৱে আজি মহানগৰীৰ শিলপুখুৰীত দুপৰীয়াৰ আহাৰ বিতৰণ কৰে ৷

সভাপতি চিন্তু ডেকা আৰু সম্পাদক জ্যোতিষ শৰ্মাৰ উপস্থিত প্ৰায় দুই শতাধিক পদপথত বসবাস কৰা ব্যক্তিসকলৰ লগতে শ্ৰমজীৱী মানুহৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ কৰা হয় ৷

উল্লেখ্য যে দিনৰ ১২’৩০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ শিলপুখুৰী বাছ ষ্টপেজৰ সমীপত এনেদৰে নিৰামিষ আহাৰ বিতৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here