অনলাইন মঞ্চত জিলিকি উঠিল ৰাজ্যৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী

0
59

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৭ আগষ্টঃ শাৰীৰিক-মানসিক প্ৰত্যাহ্বানক নেওচি অনলাইন মঞ্চত প্ৰাণ পাই উঠিল এজাক বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী।

৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি জে চি আই গুৱাহাটী এঞ্জেলছৰ সহযোগত আয়োজন কৰা ‘সমান্তৰ’ শীৰ্ষক অনলাইন নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাত ভাগ ল’লে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে।

সমান্তৰ শীৰ্ষক এইলানি প্ৰতিযোগিতাত ভাগ লোৱাসকলৰ মাজৰ পৰা বিভিন্ন শাখাত বাছি উলিওৱা হয় বহুকেইগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক।

পষেকজোৰা প্ৰতিযোগিতাৰ অনলাইনযোগে অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰা হয়।

সংগীত প্ৰতিযোগিতাৰ গ্ৰুপ এ শাখাত নয়াদিতা দাস, দেৱজিত বিশ্বাস আৰু ৰিম্পী বৰদলৈয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

গ্ৰুপ বিত শচীন পেগু, জিতেন দাস আৰু একাদশী মণ্ডলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।

গ্ৰুপ চিত গংগাধৰ হীৰা, বিজয় দাস আৰু ৰিটালী বৰাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।

গ্ৰুপ ডিত বুলেন শইকীয়া, খগেন শইকীয়া আৰু সুন্দৰ দাসে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।

সুন্দৰ দাসলৈ ভিউৱাৰ পপুলাৰিটি বঁটাও আগবঢ়োৱা হৈছে । আনহাতে নৃত্য প্ৰতিযোগিতাৰ গ্ৰুপ এত আমিনা বেগমে প্ৰথম আৰু লিছা শৰ্মাই দ্বিতীয় স্থান লাভ কৰে ।

গ্ৰুপ বিত কুঁহি দাসে প্ৰথম, জোনমণি শইকীয়া আৰু প্ৰেৰণা বৰুৱাই দ্বিতীয়, ৰঞ্জনা বেগম আৰু আকাশদ্বীপ দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে ।

গ্ৰুপ চিত বিঠিকা গোস্বামীয়ে প্ৰথম, দিম্পি নাথে দ্বিতীয়, বাবু চাওতাল আৰু সীমা দাসে তৃতীয় স্থান লাভ কৰে । আৰ্ট এণ্ড ক্ৰাফ্টত দেৱাশ্ৰুতি শৰ্মা আৰু পলৱ কলিতাক বিশেষভাৱে পুৰস্কৃত কৰা হয় ।

সামৰণি অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে নৃত্যশিল্পী সবিতা শইকীয়া, সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্ণেল ৰমেন্দ্ৰ কুমাৰ চৌধুৰী, কণ্ঠশিল্পী ভাস্কৰ জ্যোতি আচাৰ্য, জে চি আইৰ বিষয়ববীয়া স্বাতি চৌধুৰী আৰু ৰশ্মি খাতুৱালা আৰু কেয়াৰ ইউ ৩৬৫ৰ সভাপতি ভৃগু বৰঠাকুৰে অংশ লয় ।

অনুষ্ঠানটোৰ আহ্বায়ক আছিল সুশীল পৌৰেল আৰু জয়শ্ৰী হাজৰিকা । প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক 9101317901 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here