ত্ৰিৰংগা পতাকা উত্তোলন, স্বাধীনতা দিৱসত শ্বহীদক সন্মান সাংবাদিক সংঘৰ

0
41

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৭ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সন্মান জনাই সাংবাদিক সংঘ পূৰ্বাঞ্চলৰ উদ্যোগতো উত্তোলন কৰা হয় ত্ৰিৰংগা জাতীয় পতাকা।

মহানগৰীৰ বামুনিমৈদামত অৱস্থিত প্ৰাগজ্যোতিষ সংবাদপত্ৰৰ চৌহদত আয়োজিত কার্যসূচীত ত্ৰিৰংগা পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাই।

নিজৰ উন্মোচনী ভাষণত বৰুৱাই কয় যে কেৱল মাথোঁ সাংবিধানিক অধিকাৰৰ কথা নাভাবি জনতাই মহান শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যে স্বাধীনতা দিৱস (১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস (২৬ জানুৱাৰী)ত জাতীয় পতাকা উত্তোলন কৰিব লাগে।

তেওঁ লগতে কয়, আমাৰ সমাজত এনে কিছুলোক আছে যিসকলে এই দুটা দিনত শ্বহীদক সন্মান নজনাই অধিকাৰৰ কথাকৈ বিভিন্ন কার্যসূচী গ্রহণ কৰে।

সাংবাদিক সংঘ পূৰ্বাঞ্চলৰ আহ্বায়ক নৱ ঠাকুৰীয়াই আঁতধৰা আজিৰ কার্যসূচীত উপস্থিত থাকে সাংবাদিক ৰামন বৰা, ৰুবি দাস, গিৰিন্দ্ৰ কুমাৰ কাৰ্জী, সত্যধৰ মটক, শংকৰ গোহাঁই, ঈশ্বৰ মহন্ত, চন্দ্ৰ কুমাৰ বৰুৱা, কৌশিক কুমাৰ ডেকা, শেৱালি কলিতাৰ লগতে জগদীন্দ্ৰ ৰায়চৌধুৰী, প্ৰমোদ কলিতা, উৎপল দত্ত, বসন্ত বৰঠাকুৰ, ভাৰতী কলিতা, কিশোৰ শৰ্মা, ইলা ডেকা, টিনা, কৃষ্ণ, আদি।

ক’ভিড প্ৰট’কল মানি আয়োজন কৰা কার্যসূচীত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰাগজ্যোতিষৰ সম্পাদক খগেন শইকীয়াই।

আনহাতে, সংযুক্ত মুক্তি বাহিনী অসমকে ধৰি আঠটা সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানক নিন্দনীয় কার্য বুলি উপস্থিত সকলোৱে মত প্রকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here