উন্নয়ন নিগম আৰু সুকীয়া জৰীপ কাৰ্যকৰী কৰাৰ নিৰ্দিষ্ট সময়সীমা ঘোষণা কৰকঃ দাবী পূৰণ নহ’লে আমৰণ অনশন গ্ৰহণ কৰিব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

0
75

প্ৰাগজ্যোতিষ বাৰ্তা, বৰপেটাৰ পৰা মফিদুল হক, ১৭ আগষ্টঃ যোৱা ১৮-১৯ বাজেট অধিবেশনত গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠী সমূহৰ বাবে ১০০ কৌটি টকাৰ বাজেট সহ ঘোষণা কৰা উন্নয়ন নিগম আৰু সুকীয়া জৰীপ সন্দৰ্ভত অহা ১৫ আগষ্টৰ ভিতৰত চৰকাৰে আগন্তুক নিৰ্বাচনৰ আগেয়ে কাৰ্যকৰী কৰাৰ নিৰ্দিষ্ট সময়সীমা ঘোষণা নকৰিলে ১৫ আগষ্টৰ পাছত গ্ৰহণ কৰা হ’ব আমৰণ অনশনৰ কাৰ্যসূচী ।

১৩ আগষ্টত এক সংবাদ মেল যোগে এই কথা সদৰি কৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে ক্ষোভ প্ৰকাশ কৰি কয় যে গৰিয়া, মৰিয়া, দেশীসকল আজি সকলো ফালৰ পৰা বিপৰ্যস্ত । স্বাধীনতাৰ পাছৰ পৰা এই জনগোষ্ঠী সমূহ নায্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে।

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰাই মূলতঃ ধৰ্মান্তৰিত হৈ সৃষ্টি হোৱা এই জনগোষ্ঠী কেইটা একমাত্ৰ ধৰ্মটো ইছলাম হোৱা বাবে প্ৰব্ৰজনকাৰী মুচলমানৰ সৈতে একাকাৰ কৰি এই লোকসকলক খিলঞ্জীয়াৰ পৰিচয় সংকটত পেলোৱা হৈছে।

স্বাধীনতাৰ ৭৩ বছৰ ধৰি এনেদৰে পৰিচয় সংকটত পৰি বিপৰ্যস্ত হোৱা এই জনগোষ্ঠীকেইটাক প্ৰব্ৰজনকাৰী মুচলমানৰ সৈতে পৃথক কৰি সুকীয়া জৰীপ আৰু উন্নয়ন নিগম গঠন কৰাৰ বাবে পোন প্ৰথম বাৰৰ বাবে এইখন চৰকাৰে যোৱা বাজেট অধিবেশনত পবিত্ৰ বিধান সভাৰ মজিয়াত ঘোষণা কৰিছিল ।

কিন্তু অতি আশ্চৰ্যজনকভাৱে ঘোষণা কৰাৰ পাছতো আজিলৈ চৰকাৰখনে তাক কাৰ্যকৰী কৰিব নোৱাৰাটো অতি দুৰ্ভাগজনক বুলি হাফিজুল আহমেদে ক্ষোভ প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ পাছৰে পৰা বাংলাদেশী মূলৰ এটা বিশেষ লবিৰ চক্ৰান্তত গৰিয়া মৰিয়া দেশী সকল নায্য প্ৰাপ্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে আৰু এইখন চৰকাৰেও তেনেকুৱা লবিৰ পাকচক্ৰৰ পৰা মুক্ত হ’ব পৰা নাই।

খিলঞ্জীয়াৰ ঢাক ঢোল বজাই শাসনৰ গাদি দখল কৰা চৰকাৰখনে বাংলাদেশী ল’বিৰ পাকচক্ৰত পৰি এনেদৰে প্ৰতিশ্ৰুতি পালন কৰিব নোৱৰাটো অতি দূৰ্ভাগ্যজনক । যদি ইয়াৰ বিপৰীতে চৰকাৰখনে গৰিয়া মৰিয়া দেশীসকলৰ কথা চিন্তা কৰে তেন্তে অতি শীঘ্ৰে ঘোষণা কৰা প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰক।

এই সন্দৰ্ভত সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগেয়ে উক্ত দাবী কাৰ্যকৰী কৰাৰ নিৰ্দিষ্ট সময় সীমা ১৫ আগষ্টৰ ভিতৰত ঘোষণা কৰাৰ বাবে দাবী জনায় ।

অন্যথা সভাপতি আহমেদে ১৫ আগষ্টৰ পাছত আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰে । উল্লেখ্য যে এই লোকসকলক প্ৰব্ৰজনকাৰী মুচলমানৰ পৰা পৃথক কৰি জৰীপ কাৰ্য সমাপণ নোহোৱা বাবে বহু গৰিয়া, মৰিয়া, দেশী লোক আজিও সন্দেহযুক্ত নাগৰিকৰ আৱৰ্তত সোমাই তেওঁলোকৰ নাম NRC ৰ পৰা বাদ পৰিছে।

আজিৰ সংবাদ মেলত সভাপতি আহমেদৰ সৈতে মহিলা আহ্বায়ক অনিতা ৰহমান আৰু মহানগৰ সমিতিৰ সহকাৰী সম্পাদক চৈয়দ আহমেদ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here