মাজবাটত হস্ত নিৰ্মিত বন্দুক সহ বন্দুক নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ

0
57

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১২ আগষ্টঃ ওদালগুৰি জিলাৰ মাজবাটৰ ধনশ্ৰী চাহ বাগিচাৰ নিকতৱৰ্তী গাঁও দহ নম্বৰ বস্তিৰ এজন লোকৰ ঘৰত মাজবাট আৰক্ষীয়ে এক অভিযান চলাই তিনিটা হস্ত নিৰ্মিত বন্দুক, তিনিদাল লোহাৰ পাইপ আৰু বন্দুক নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পুৱতি নিশা মাজবাট আৰক্ষীয়ে বেনজামিন মুৰ্মু(৩৫) নামৰ লোকজনৰ ঘৰত চলাছিল তালাচী অভিযান।

অভিযানত তিনিটা হস্তনিৰ্মিত একনলীয়া বন্দুক, তিনিদাল লোহাৰ পাইপ, নিৰ্মাণত জড়িত বিভিন্ন সামগ্ৰী উদ্ধাৰ।

ঘটনা সন্দৰ্ভত বেঞ্জামিন মুৰ্মু নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰচাদ এছ আই ৰোহিত কুমাৰ ছেএীৰ নেতৃত্বত চলিছিল এই অভিযান।ধৃত বেঞ্জামিন মুৰ্মুক মাজবাট আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ বাবে সোধা- পোছা অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here