শিৱসাগৰ বানমুখ কাৱৈমাৰী সত্ৰ-চুপহা সত্ৰৰ আধাৰশিলা মুকলি সাংসদ তপন কুমাৰ গগৈৰ

0
53

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ অমৃত কুমাৰ শৰ্মা, ১০ আগষ্টঃ অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত আৱন্তিত ১০ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া শিৱসাগৰ জিলাৰ অন্তৰ্গত বানমুখ অঞ্চলৰ কাৱৈমাৰী সত্ৰ, চুপহা সত্ৰৰ অতিথি শালাৰ আধাৰশিলা মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে৷

লগতে বানমুখ পঞ্চায়তৰ কাৰ্যালয়ৰ শৌচালয়ৰো শুভ উদ্বোধন কৰে সাংসদগৰাকীয়ে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বৰগোহাঁই, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, বিজেপি নেতা ভৱেন্দ্ৰনাথ মহন, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিজিত গগৈ সহ জিলা বিজেপিৰ কেইবাগৰাকীও কাৰ্যকৰ্তা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here