শিৱসাগৰৰ বিশিষ্ট সমাজসেৱিকা স্নিগ্ধা শইকীয়াক WPSFA ৰ তত্বাৱধায়ক নিযুক্তি

0
73

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ অমৃত কুমাৰ শৰ্মা, ১০ আগষ্টঃ শিৱসাগৰৰ জিলাৰ বিশিষ্ট সমাজসেৱিকা স্নিগ্ধা শইকীয়াক Women Power Strengthening Forum, Assam চমুকৈ (WPSF,Assam)ৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ তত্বাৱধায়ক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে, নাৰী শক্তিক গতি প্ৰদান কৰি অসমৰ লগতে দেশৰ সামগ্ৰিক চৰিত্ৰ গঠনত অনাগত দিনবোৰত একেলগে কাম কৰিবলৈ ইচ্ছুক যুৱতী-মহিলাই তেখেতৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব বুলি ৰাজ্যিক সমিতিয়ে আশা প্ৰকাশ কৰিছে।

সক্ৰিয় মহিলা স্নিগ্ধা শইকীয়াৰ তত্বাৱধানতে উল্লেখিত চাৰিওখন জিলাৰ জিলা সমিতিসমূহ গঠন কৰাৰ লগতে বিভিন্ন ধৰণৰ নাৰী জনিত বিষয়বোৰ আগুৱাই নিবলৈ নিষ্ঠা সহকাৰে প্ৰয়াস কৰা হ’ব বুলি WPSFA ৰ অধ্যক্ষা গীত কামৰূপাই সংবাদ মাধ্যমক জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here