জনজাতিকৰণ, মাটিৰ পট্টা, চাহ শ্ৰমিকৰ ৩৫০ টকা মজুৰি বৃদ্ধিৰ দাবীত আছা-মাজবাট আঞ্চলিক সমিতিৰ প্ৰতিবাদ

0
71

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ১০ আগষ্টঃ ওদালগুৰি জিলাৰ মাজবাট ৰাজহুৱা দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত আজি বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আছা মাজবাট আঞ্চলিক সমিতিয়ে আদিবাসীসকলৰ জনজাতিকৰণ, মাটিৰ পট্টা আৰু চাহ বাগিচাৰ শ্ৰমিক সকলৰ ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আছা মাজবাট আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধশতাধিক সদস্যয় সম্পূৰ্ণ সামাজিক দূৰত্ব মানি আৰু মুখত মাক্স পৰিধান কৰি ন’ এষ্টি ন’ ৰেষ্ট , আদিবাসী সকলক মাটিৰ পট্টা প্ৰদান কৰক, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে আছা মাজবাট আঞ্চলিক সমিতিৰ সভাপতি শিৱলাল পানিকাই সাংবাদিকৰ আগত কয় যে আদিবাসীসকলৰ জনজাতিকৰণ, মাটিৰ পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা সমস্যাসমূহৰ বিষয়ে আমি সময়ে সময়ে চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ।

অসম চৰকাৰখনৰ লগতে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে অসমত বসবাস কৰা আদিবাসীসকলৰ এই সমস্যাসমূহৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছা ওদালগুৰি জিলা সমিতিৰ উপ-সভাপতি নৰেন আইমা , আছা মাজবাট আঞ্চলিক সমিতিৰ সম্পাদক গোলাপ গোড়ঁ , আছা মাজবাট আঞ্চলিক সমিতিৰ উপদেষ্টা দিলৰাজ পানিকা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here