কণমানী ধ্ৰুৱজ্যোতি নাথৰ হত্যাকাৰীক ফাঁচীৰ দাবী বিটিচি নাথ যোগী ছাত্র সন্থাৰ

0
63

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ১০ আগষ্টঃ কাছাৰ জিলাৰ সোনাই থানাৰ অন্তৰ্গত কাজি উদৰৰ বাসিন্দা দেৱজ্যোতি নাথ আৰু লাভলী নাথৰ কণমানি ৫ মহীয়া সন্তান ধ্ৰুবজ্যোতি নাথক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাক সদৌ বি.টি.চি নাথ যোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছে।

বি টি চি নাথ যোগী ছাত্র সন্থাৰ উপ-সভাপতি ফুকন নাথ আৰু সম্পাদক অৰুপ নাথ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোয়ে জনাই যে, এই অপহৰণ আৰু হত্যাকাণ্ডত জড়িত মানুহৰূপী দানৱ ৰাজীৱ চাষাৰ লগতে ঘটনাত জড়িত অপহৰণ কাৰী চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগে।

এই নৰপিশাচসকলৰ জীয়াই থকাৰ অধিকাৰ নাই। এই নৰপিশাচসকলৰ বাবেই আজি বহু লৰা-ছোৱালীয়ে মৃত্যুক সাৱটি ল’ব লগা হৈছে।

এনে নৰপিশাচসকলৰ সমাজত জীয়াই থকাৰ কোনো অধিকাৰ নাই। এওঁলোকে মুক্তি পালে ভৱিষ্যতে অৰ্থৰ লোভত আন কোনোবা মাতৃৰ বুকু উকা কৰি পুণৰ কোনোৱা দেৱ শিশুক হত্যা কৰিবলৈ কুন্থাবোধ নকৰিব।

গতিকে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ এই হত্যকাণ্ডত জড়িত অপৰাধীসকলক ফাঁচী প্ৰদান কৰি অসমত নতুন ইতিহাস গঢ়াৰ বাবে অসম চৰকাৰ তথা প্ৰশাসনক সদৌ বি.টি.চি নাথ যোগী ছাত্ৰ সন্থাই সজোৰে দাবী জনাইছে বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

এই বিবৃতিৰ জৰিয়তে সদৌ বি.টি.চি নাথ যোগী ছাত্ৰ সন্থাই দুৰ্ভগীয়া পিতৃ-মাতৃক সান্তনা আৰু সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here