চৰকাৰী ভূমি কেন্দ্ৰিক বিবাদত একেটা পৰিয়ালৰ চাৰিগৰাকীকে ধৰি মুঠ ছয় গৰাকী আহত হোৱা ঘটনাক ইউ পি পি এল দলৰ দুৰ্ভাগ্যজনক আখ্যা, লগতে ঘটনাটোৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনায়

0
43

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ৮ আগষ্টঃ বাক্সাৰ বাগানপাৰাৰ শিমলাবাৰীত বৃহস্পতিবাৰে সংঘটিত চৰকাৰী ভূমি কেন্দ্ৰিক বিবাদত একেটা পৰিয়ালৰ চাৰিগৰাকীকে ধৰি মুঠ ছয় গৰাকী লোক আহত হৈছিল আৰু এই আক্ৰমণৰ ঘটনাত ইউ পি পি এল দলৰ নাম সাঙোৰ খাই পৰাটো বিভিন্ন সংবাদমাধ্যমত প্ৰচাৰৰ হোৱা পৰিলক্ষিত হৈছিল।

শুক্ৰবাৰে বিয়লি বগানপাৰাত ইউ পি পি এল দলৰ হৈ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলীয়ে সংবাদমেল সম্বোধন কৰি প্ৰথমে উক্ত ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাই।

আনহাতে উক্ত ঘটনাৰ গইনা লৈ গণ সুৰক্ষা পাৰ্টিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী আৰু উপদেষ্টা ব্ৰজেন মহন্তই বৃহস্পতিবাৰে বৰমাত এক সংবাদমেলৰ যোগেদি ইউ পি পি এল দলৰ ভূমি কেন্দ্ৰিক ঘটনাৰ লগত জড়িত থকাৰ কেইবাটাও অভিযোগ উত্থাপন কৰিছিল।

সেই অভিযোগ খণ্ডণ কৰি মুজিব আলীয়ে কয় যে বাগানপাৰা শিমলাবাৰীৰ ঘটনা ইউ পি পি এল দলৰ কোনো এজন সাধাৰণ সদস্য নাছিল আৰু আজিলৈকে ইউ পি পি এল দলে সম্প্ৰদায়িক ঘটনাৰ সৈতে জড়িত নহয় বুলি স্পষ্টকৈ উল্লেখ কৰে।

আনহাতে উল্লেখ কৰে যে, ঘটনাটো চৰকাৰী ভূমিক লৈ দুখন গাঁৱৰ মাজত সংঘাত সৃষ্টি হৈছে। এখন গাঁৱৰ মানুহে খেতি কৰা বাবে হতাহতি হৈছে আৰু এটা পক্ষৰ বেছিকৈ আঘাত প্ৰাপ্ত হৈছে।

ইতিমধ্যে ইউ পি পি এল দলে চৰকাৰী ভূমি বেদখমুক্ত কৰিবলৈ আহ্বান জনায় আহিছে বুলি নেতা গৰাকীয়ে সদৰী কৰে।

ইয়াৰ গইনা লৈ গণ সুৰক্ষা পাৰ্টিৰ দুই নেতা মাধৱ ৰাজবংশী আৰু ব্ৰজেন মহন্তই ইউ পি পি দলে বিটিআৰ চুক্তিৰ পিছতেই ভূমি দখলৰ কৰাত নামি পৰা বুলি মিছা অভিযোগ উত্থাপন কৰা বুলি কয়।

লগতে মুজিব আলীয়ে প্ৰত্যাহ্বান জনাই কয় যে ইউ পিপি এল দলে ভূমি দখল কৰা কথাটো প্ৰমাণ কৰিবলৈ আহ্বান জনায় আৰু তেওঁ কয় যে ইউ পি পি দলক দোষী সাব্যস্ত কৰি বাৰে বাৰে বিটিচি অঞ্চলটোত বড়ো- অবড়োৰ ৰাজনীতি কৰি থাকিব বিচাৰিছে গণ সুৰক্ষা পাৰ্টিয়ে।

এই বড়ো-অবড়োৰ ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি ইউ পি পি এল দলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে যোগদান কৰিছে।

তেওঁ লগতে গণ সুৰক্ষা পাৰ্টিৰ নেতাদ্বয়ক সকীয়াই দি কয় যে ভবিষ্যতে এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰি থাকিলে অচিৰেই ব্ৰজেন মহন্ত ডাঙৰীয়াৰ বিৰুদ্ধে মানহানী গোচৰ তৰিব বুলি সকীয়াই দিয়ে।

ইপিনে একেখন সংবাদমেলত বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে কয় যে, বৰ্তমান সময়ত কিছুমান দল সংগঠনে যিকোনো ঘটনাক ৰাজনৈতিক ৰহন সনাৰ চেষ্টা চলাই আছে৷

বৃহস্পতিবাৰে ঘটনাটো আচলতে কি ঘটিছিল উক্ত অঞ্চলৰ লোকসকল ভালদৰে জ্ঞাত। লগতে প্ৰাৰ্থীগৰাকীয়ে সংবাদমেল যোগে গণ সুৰক্ষাৰ পাৰ্টিৰ ব্ৰজেন মহন্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here