চেমনীয়াৰ থিতাতে লিখা অন-লাইন গল্প প্ৰতিযোগিতা

0
109

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৮ আগষ্টঃ নৱপ্ৰজন্মক সাহিত্য চৰ্চাৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰয়াত সাংবাদিক পল্লৱী বৰুৱা ন্যাসৰ উদ্যোগত বিগত তিনি বছৰৰ দৰে এইবাৰো চেমনীয়াৰ মাজত থিতাতে লিখা গল্প প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

ক’ভিড সৃষ্ট জৰুৰীকালীন পৰিস্থিতিৰ বাবে এইবাৰৰ প্ৰতিযোগিতা অনলাইনত অনুষ্ঠিত হ’ব।

প্ৰতিযোগীয়ে নিজৰ ঘৰতে বহি প্ৰতিযোগিতাত অংশ ল’ব পাৰিব। অহা ৯ আগষ্ট দেওবাৰে, পুৱা এঘাৰ বজাত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে ন্যাসৰ ৱাটছএপ নম্বৰ ৯৯৫৪২১০৬৮৮ ত ৮ আগষ্টৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব।

প্ৰতিযোগিতা পঞ্চম শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হ’ব।

প্ৰতিযোগীয়ে অসমীয়া বা ইংৰাজী যিকোনো এটা ভাষাত মৌলিক গল্প লিখিব পাৰিব।

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ন্যাসৰ ৱেবচাইট, ফেচবুক পেজত গল্পৰ বিষয় নিৰ্ধাৰণ কৰি দিয়া হ’ব।

পৰবৰ্তী সময়ত বিজয়ীসকলক পুৰস্কৃত কৰা হ’ব বুলি ন্যাসৰ আহ্বায়ক ডাঃ কুমাৰ পাৰ্থ প্ৰতিম আৰু ডাঃ প্ৰণামী বৰুৱাই জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here