অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণকলৈ লৈ দেশবাসীৰ অভুতপূৰ্ব সহাৰিঃ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ গুৱাহাটীতো পূজা অৰ্চনা

0
68

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৭ আগষ্টঃ দেশৰ পাঁচশ বছৰীয়া প্ৰতিক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক উৎসাহৰ সমান্তৰালভাৱে দেশৰ জনসাধৰণকো যঠেষ্ট উৎসাহী হোৱা দেখা গৈছে৷

ইয়াৰ ব্যতিক্ৰম নহ’ল গুৱাহাটী মহানগৰীও৷

মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজাক লৈ পল্টনবজাৰত এক পূজা অৰ্চনা অনুষ্ঠানৰ আয়োজন কৰে৷

অনুষ্ঠানটোত প্ৰাক্তন সাংসদ ৰমেন ডেকা, মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস উপস্থিত থাকে৷

এই সন্দৰ্ভত ৰমেন ডেকাই কয় ভগৱান ৰামচন্দ্ৰই সমগ্ৰ দেশ বাসীৰ মাজত শান্তি সম্প্ৰতি কঢ়িয়াই আনিব তাকেই তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷

উল্লেখ্য যে পল্টনবজাৰ বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজে পূজা স্হলিত উপস্থিত থাকি দেশৰ মংগলৰ কাৰণে ভগৱান ৰামচন্দ্ৰৰ ওচৰত আশীৰ্বাদ লয়৷

সন্ধিয়া মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ তৰফৰ পৰা কেইবা শতাধিক বন্তি প্ৰজ্বালন কৰা হ’ব বুলি সাধৰণ সম্পাদক ৰাজীব দাসে জনাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here