দুই যুৱকৰ মাজত ম’বাইল ফেচবুকৰ মন্তব্যক লৈ দৰঙামেলাত উত্তেজনা

0
40

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সা,৭ আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰঙামেলাত দুই ভিন্ন ধৰ্মীয় যুৱকৰ মাজত ম’বাইল ফেচবুকৰ মন্তব্য বিষয় পোহৰলৈ অহাত ৪ আগষ্ট সন্ধিয়াৰ পৰা নিশালৈ দৰঙামেলা অঞ্চলত উত্তেজনা সৃষ্টি হয়।

আৰক্ষী সূত্ৰৰে জানিব পৰা মতে, দৰঙামেলাৰ সুৰেশ ৰায় আৰু জমিৰ আলী নামৰ যুৱক দুজনৰ মাজত আগৰে পৰাই মোবাইলত বাৰ্তা লাপ হৈছিল। যোৱা কালি অৰ্থাৎ মংগল বাৰে উক্ত লোক দুজনৰ মাজত ফেচবুক মন্তব্য প্ৰকাশ হোৱাত উত্তেজনাৰ সৃষ্টি হোৱাৰ পিছত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

পিছত দুয়ো পক্ষৰ মাজত আলোচনাৰ আৰম্ভণি হোৱাৰ মুহূৰ্তত বিভিন্ন অঞ্চলৰ পৰা আহি সমাবেত হোৱা লোকসকলে আৰু অধিক উত্তেজনাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰাৰ সময়ত আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে লাঠি চাৰ্জ কৰি ছত্ৰভঙ্গ দিওৱাৰ পিছত পলায়ণ কৰাসকলৰ লগত পথত থকা লোকৰ মাজত মাৰপিট হোৱা ঘটনা সংঘটিত হয়।

পিছত দৰঙামেলা আৰু তামুলপুৰৰ প্ৰশাসনে পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইপিনে ঘটনাত দৰঙামেলা আৰক্ষীয়ে এন কে দৰঙাৰ সুৰেশ ৰায়, জমিৰ আলী, পদম সিং ( ১৮) , গনেশ ছেত্ৰী ( ২০), কৰ্মা তামাং (২১), ইলিয়াছ হুছেইন ( ২৪) আৰু ৰমজান আলীক( ২৬) কৰায়ত্ত কৰি মুছলপুৰ জেল হাজাতলৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here