মোৱামাৰি আৰক্ষীৰ বৃহৎ সাফল্যঃ বৰমাবিলৰ হত্যাকাণ্ডৰ সাত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ

0
183

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৮ আগষ্টঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰমাবিলত আৰক্ষীয়ে অভিযান চলাই সাত হত্যাকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাজিয়াগাৱঁৰ বৰমাবিলত সাত হত্যাকাৰীয়ে আত্মগোপণ কৰি থকাৰ গোপন তথ্য লাভ কৰি মোৱামাৰি আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া উপেন শৰ্মাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ১৮আগষ্টৰ পুৱা প্ৰায় আঠমান বজাত বৰমাবিলত অভিযান চলাই সাত দুৰ্ধৰ্ষ হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আটকাধীন হত্যাকাৰীকেইটা হ’ল ক্ৰমে – চুলতান আলী(৪০), নজৰুল ইছ্লাম(২৭), আমানুল্লা(২৮), ফাইজুল ইছ্লাম(২৩), মুক্তাৰ উদ্দিন(২৭), মকবুল হুছেইন(২৬) আৰু চাদ্দাম হুছেইন(২৩)।

দুৰ্ধৰ্ষ হত্যাকাৰীকেইটাৰ ঘৰ বৰমা বিল গাৱঁতেই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা এঘাৰ আগষ্টৰ নিশা বৰমা বিল গাৱঁৰ আশ্ৰৱ আলী(৪৫) নামৰ লোকজনৰ ধান খেতি অপৰাধী চুলতান আলীৰ হাঁহে নষ্ট কৰাক কেন্দ্ৰ কৰি কাজিয়া লগাত উপৰোক্ত অপৰাধীগণে  মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে।

পৰবৰ্তী সময়ত মোৱামাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত আশ্ৰৱ আলীক নগাঁওলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

যোৱা চৈধ্য আগষ্টৰ দিনা গুৱাহাটীত চিকিত্সাধীন অৱস্থাতে আশ্ৰৱৰ মৃত্যু হৈছিল।

ইতিমধ্যে আশ্ৰৱৰ পৰিয়ালে মোৱামাৰি আৰক্ষী চকীত দিয়া এজাহাৰ ভিত্তিক  আৰক্ষীয়ে  ৩০৪ /২০  নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত সাত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কলিয়াবৰ আদালতত হাজিৰ কৰাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

আনহাতে উক্ত ঘটনাৰ সাত মূল অভিযুক্তক কৰায়ত্ত কৰাত স্থানীয় লোকে আৰক্ষীৰ বৃহৎ সাফল্য বুলি প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here